Bichitra

Bichitra

Share

Dhakuakhana

01/01/2024

সময়ৰ সোঁতত আৰু এটা বছৰ বিলিন হৈ গ’ল ।
বহু সপোন, বহু পৰিকল্পনা , বহু ঘটনা-
পৰিঘটনা 2023 বৰ্ষৰ বোকোচাত উঠি
অতীতৰ বুকুত সোমাই গ’ল । সুখ-দুখ, হাঁহি-
কান্দোন, জয়-পৰাজয়, সপোন-দিঠক এই
সকলোবোৰ সোঁৱৰণি হিচাপে থাকি যাব
সকলোৰে বাবে । 2024 বৰ্ষৰ ফালে
আগুৱাই যাব সময় । এনেকৈয়েই বৈ যায়
সময়ৰ সোঁত । মানুহে হেজাৰ চেষ্টা
কৰিলেও সময়ৰ এই গতিক বাধা দি ৰাখিব
নোৱাৰে । কিন্তু মানুহে অতীতটো প্ৰখৰ
দৃষ্টিৰে পৰ্য্যালোচনা কৰি জীৱনৰ দোষ
আৰু ভুলবোৰ বিচাৰি উলিয়াই নিজক
সংশোধন কৰি এটি সুন্দৰ সফল জীৱনৰ
পৰিকল্পনা কৰিব পাৰে । মানুহৰ প্ৰতি
মানুহৰ যি অবিশ্বাসৰ বিষ-বাষ্পই পৃথিৱীৰ
চৌপাশে আৱৰি ধৰিছে, তাৰ অবসান ঘটাই
পৃথিৱীত এক শান্তি আৰু বিশ্বাসৰ
পৰিৱেশ ঘুৰাই আনিবলৈ মানুহে নতুন বছৰত
চেষ্টা কৰিব পাৰে ।দেশত অশান্তিৰ
পৰিৱেশ সৃষ্টি কৰি ক্ষমতা লাভৰ আঁখৰা
কৰা দানৱবোৰৰ সকলো পৰিকল্পনাৰ
বিনাশ ঘটাই মানৱতাৰ জয়ধ্বজা উৰুৱাবলৈ
চেষ্টা কৰিব লাগিব । তাৰ বাবে লাগিব
দূৰদৰ্শিতা, সুস্থিৰ চিন্তা আৰু পৰিকল্পনা ।
2024 বৰ্ষই সকলোৰে জীৱনলৈ শান্তি আৰু
সঁফলতা কঢ়িয়াই আনক । দানৱৰ পৰাজয় আৰু
মানৱতাৰ জয় হওঁক । আঁহক সকলোৱে মিলি
এন্ধাৰৰ পৰা পোহৰৰ দিশে আগবাঢ়ি যাওঁ
এক নতুন আৰু পৱিত্ৰ পৰিকল্পনাৰে ।
*Happy new year 2024* all of you👍👍👍👍

Photos from Bichitra's post 25/10/2023

# #মিচিংঅলিম্পিক # #পবা জোনাই২০২৩

Photos from Bichitra's post 14/09/2023

আজি ইংৰাজী ১৩/০৯/২০২৩ তাৰিখে ডিমৰুগুৰি গাঁও পঞ্চায়তত TMPK, MMK আৰু TMMK ডিমৰুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত চৰকাৰী আঁচনিৰ লুণ্ঠন কৰা বিতৰ্কিত পঞ্চায়ত সচিব শ্ৰীমতী দীপালি পাতিৰ ৰ বিৰুদ্ধে গণ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হয়। অতি পৰিতাপৰ বিষয় এই যে দুৰ্নীতিৰ বজাৰ মেলা Tax collector এজনীক কেনেকৈ পঞ্চায়ত সচিবৰ দায়িত্ব অৰ্পন কৰিলে সেয়াও ৰহস্যৰ আৱৰ্তত। এই গৰাকী দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত সচিবক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত নিযুক্তি দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অঞ্চলবাসী ৰাইজে। পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ৰাইজ আৰু টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং, টাকাম মিচিং মিমে কৌবাংৰ ডিমৰুগুৰি আঞ্চলিক সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা সমবেত হয় স "নৱ দলে মূর্দাবাদ", "গ্ৰামোন্নয়ন মন্ত্ৰী হুচিয়াৰ", "দুৰ্নীতিগ্ৰস্ত দীপালি পাতিৰ গ' বেক", "আমাক লুণ্ঠনকাৰী দীপালি পাতিৰক নালাগে" , "অনিয়মৰ নায়িকা দীপালি পাতিৰ গ'বেক", "পূৰ্ণকালীন সচিব নিযুক্তি দিয়ক" আদি শ্লোগান সম্বলিত প্লে'কার্ড হাতে হাতে লৈ ৰাইজে স্বতঃস্ফূৰ্ত প্ৰতিবাদ সাব্যস্ত কৰে।
গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি কোনো কাৰণতে দুৰ্নীতি পৰায়ন ভাৰপ্ৰাপ্ত সচিব দীপালি পাতিৰৰ নিযুক্তি মানি নোলোৱাৰ হুংকাৰ দিয়ে ৰাইজে। বিধায়ক নৱ দলেৰ ছত্ৰছাঁয়াত নিযুক্তি লৈ চৰকাৰী পুঁজি উদৰস্থ কৰিবলৈ পুনৰ পঞ্চায়তখনলৈ উভতি অহা দীপালি পাতিৰক তৎকালে বদলি নকৰিলে অনাগত সময়ত ৰাইজৰ সহযোগত ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামৰ পাতনি মেলাৰ সকীয়নী দিয়ে।ৰাইজৰ নেতৃত্বই এই ক্ষেত্ৰত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষযাৰ হস্তক্ষেপৰ দাবী জনায় আৰু পঞ্চায়ত কাৰ্যালয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Want your business to be the top-listed Clothing Store in Pune?
Click here to claim your Sponsored Listing.

Category

Telephone

Address

Near Amgurichariali
Pune
36