Axomiya Kitap
Let's enjoy reading Assamese Books. "Kitap thupai thuwa gyanor bhoral."- Satya Nath Bora...... We are really proud of being Assamese.
14/06/2025
EBAR UBHOTY CHAON
Author : Dr. Nagen Saikia
https://banalata.in/product/ebar-ubhoty-chaon/
Online Payment Options with Credit Cards,Net Banking,Debit Cards,UPI or Google Pay is available online for Assamese Books
Discounts Available on All Books
Free Shipping on order above Rs.1000 /- for delivery across India.
31/12/2023
নতুন ৰূপত "মধুশালা"ৰ চতুৰ্থ প্ৰকাশ। ২০১৪ চনৰ ডিচেম্বৰত উপন্যাসখনৰ প্ৰথম সংস্কৰণটো প্ৰকাশ পাইছিল। প্ৰকাশৰ পূৰ্বে এজন জ্যেষ্ঠ লেখক তথা গল্পকাৰে মোক "মধুশালা" নামটো দিবলৈ মানা কৰিছিল। তেওঁৰ যুক্তি আছিল, হৰিবংশ ৰায় বচ্চনৰ "মধুশালা"খন ইমানেই জনপ্ৰিয় যে তোমাৰ উপন্যাসখন নামটোৰ কাৰণেই মাৰ খাই যাব।
বিষয়বস্তু অনুযায়ী উপন্যাসখনৰ নামটো "মধুশালা"ৰ বাহিৰে অন্য একোৱেই যেন যথোচিত নহ'ব, মোৰ তেনে ধাৰণা হৈছিল আৰু সেয়ে নামটো সলনি নকৰি সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈকে মই সাজু হৈ থাকিলোঁ।
গল্পকাৰগৰাকীৰ কথাটো সত্য প্ৰতিপন্ন হ'ল নে নাই মোৰ কোনো ধাৰণা অথবা সিদ্ধান্ত নাই। হয়তো উপন্যাসখন বহুত বেছি বিক্ৰী হ'ব লাগিছিল কিন্তু সিমানখিনি নহ'ল। হয়তো যিমান হ'ব লাগিছিল তাতোকৈ বেছিকৈয়ে হ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে অৱগত কৰোঁ যে প্ৰথম সংস্কৰণটো ২২০০ কপী ছপোৱা হৈছিল। দ্বিতীয় প্ৰকাশত ১১০০ কপী আৰু তৃতীয় প্ৰকাশতো ১১০০ কপী ছপা কৰা হৈছিল। এইবাৰ ছপোৱা হৈছে ১০০০ কপী। "সংস্কৰণ" বঢ়াই নিজকে জনপ্ৰিয় লেখক হিচাপে প্ৰতিষ্ঠা কৰাৰ বাসনা মোৰ মুঠেও নাই। মানুহে যদি পঢ়িব লগা কিতাপ বুলি ভাবে তেতিয়াহ'লে পঢ়িবই, পঢ়ি ভাল পালে হয়তো আৰু দুজনক ক'ব—সিমানখিনিয়েই লাগে মোক।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Duliajan , Kamalabari Road
Duliajan
786602