Film & Script Defence Group

Film & Script Defence Group

Share

IT IS A REAL FILM & SCRIPT DEFENCE GROUP AND CULTURAL ORGANIZATION OUR MOTTO TO DEFEND THE ASSAMESE CULTURE FOR THE GREATER INTERST OF ASSAMESE FILM INDUSTRY

25/07/2021

১৯৩৩ চন মানৰ কথা । ইংলেণ্ডৰপৰা উভতি আহি তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত তেতিয়া ভীষণ ব্যস্ত জ্যোতিপ্ৰসাদ আগৰৱালা । উদ্দেশ্যে প্ৰথম খন অসমীয়া বোলছবি নিৰ্মাণ কৰা । ভোলাগুৰি চাহ বাগিচাতে থলুৱা সামগ্ৰীৰে তেওঁ নিৰ্মাণ কৰে চিত্ৰবন নামেৰে এটা ষ্টুডিঅ । সেই ষ্টুডিঅতে আৰম্ভ হব লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত নাটক জয়মতী কুঁৱৰীৰ আধাৰত জয়মতী বোলছবি নিৰ্মাণৰ কাম । সমান্তৰালভাৱে জয়মতীৰ বাবে অভিনেতা অভিনেত্ৰী বিচাৰি জ্যোতিপ্ৰসাদে দুখনকৈ বাতৰি কাকতত দিলে দুটাকৈ বিজ্ঞাপন । ইয়াৰ পাছতে কেইবাজনো জয়মতীত অভিনয় কৰিবলৈ আগবাঢ়ি আহিল কেইবাজনো অভিনেতা । কিন্তু তেতিয়াৰ প্ৰচলিত ৰক্ষণশীল অসমীয়া সমাজ ব্যৱস্থাত জয়মতী চৰিত্ৰ ৰূপায়নৰ বাবে আগবাঢ়ি নাহিল কোনো এগৰাকী অভিনেত্ৰী ।

উপায়হীন হৈ জ্যোতিপ্ৰসাদে বিষ্ণুৰাভা আৰু ফণী শৰ্মাক লগত লৈ অসমৰ গাঁৱে ভূঞে ঘূৰি ফুৰিছিল অভিনেত্ৰীৰ সন্ধানত । কিছুমান গাঁৱত তেওঁলোকক ছোৱালী চোৰ বুলি খেদিও পঠিয়াইছিল । কিন্তু গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱৰ আইদেউ সন্দিকৈ নামৰ যুৱতী গৰাকীৰ এজন সম্বন্ধীয় ককায়েক ডিম্ব গোহাঁয়ে এই কথা গম পাইছিল । ডিম্ব গোহাঁইৰ লগত জ্যোতিপ্ৰসাদৰ বহু আগৰে পৰা চিনাকী । ডিম্ব গোহাঁয়ে জ্যোতিপ্ৰসাদক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ জয়মতী চৰিত্ৰ ৰূপায়নৰ বাবে এগৰাকী অভিনেত্ৰী আনি দিব । সেই মৰ্মে ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈৰ ঘৰলৈ আহে আৰু কৌশলেৰে আইদেউৰ এখন ফটো তুলি জ্যোতিপ্ৰসাদলৈ পঠিয়াই দিয়ে ।

ইয়াৰ কিছুদিনৰ পাছতে ডিম্ব গোহাঁয়ে পানীত ওপঙি থকা ঘৰ অৰ্থাত জাহাজ দেখুৱাম বুলি ভায়েক কেশৱ সন্দিকৈৰ সৈতে আইদেউক লৈ আহে গমিৰিঘাটলৈ । ইয়াৰ পাছতে যাত্ৰা আৰম্ভ হয় ভোলাগুৰি চাহ বাগিচাত থকা জ্যোতিপ্ৰসাদৰ চিত্ৰবন ষ্টুডিঅলৈ । আইদেউক দেখি জ্যোতিপ্ৰসাদে বুজি পালে যে আইদেউ সন্দিকৈয়ে হব তেওঁ বিচাৰি থকা জয়মতী গৰাকী । প্ৰথম অৱস্থাত আইদেৱে মান্তি হোৱা নাছিল যদিও পৰবৰ্তী সময়ত দেউতাক নীলাম্বৰ সন্দিকৈৰ সন্মতি সাপেক্ষে জয়মতী চৰিত্ৰ ৰূপায়নৰ বাবে মান্তি হয় আইদেউ সন্দিকৈ । এনেদৰেই পানীত উপঙি থকা ঘৰ চাবলৈ অহা পানীদিহিঙীয়া গাঁৱৰ সহজ সৰল ২০ বছৰীয়া আইদেউ ৰূপান্তৰ হল জয়মতীলৈ ।

কিন্তু আইদেউৰ এই যাত্ৰা সহজ নাছিল । পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু প্ৰচলিত নীতি নিয়মৰ বিপৰীতে যোৱাৰ অপৰাধত সমাজে একাষৰীয়া কৰে জয়মতীৰ পিতৃ মাতৃক । কিন্তু আইদেৱে ইতিমধ্যেই বুজি উঠিছিল যে, যুগৰ পৰিবৰ্তনৰ লগে লগে সমাজ ব্যৱস্থাৰো পৰিবৰ্তন হবই লাগিব । জয়মতীৰ ছুটিঙৰ কাম শেষ হোৱাৰ পাছত জ্যোতিপ্ৰসাদে আইদেউক এযোৰ বিশেষ সাজঁ দিছিল আৰু কৈছিল বিশেষ দিনত পিন্ধিবলৈ । হয়তু জ্যোতিপ্ৰসাদে তেতিয়াই এই কথা অনুমান কৰিব পাৰিছিল যে, যুগ যুগ ধৰি চলি অহা প্ৰচলিত সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ অপৰাধ কিমান ভয়ংকৰ হব পাৰে ।

ঘৰলৈ উভতি অহাৰ পাছত বোলছবিত অভিনয় কৰাৰ বাবে আৰু ছুটিঙৰ সময়ত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰ দেউ অৰ্থাত স্বামী বুলি সম্বোধন কৰাৰ বাবে আইদেউক একাষৰীয়া কৰিলে সমাজে । ৰাজহুৱা পুখুৰীত আইদেউক পানী খাবলৈ দিয়া হোৱা নাছিল । আনকি আইদেউক বিয়া কৰাবলৈ আগবাঢ়ি নাহিল কোনো । যাৰ ফলত আজীৱন অবিবাহিতা হৈ থাকিবলগীয়া হল আইদেউ সন্দিকৈ । জ্যোতি ককাইদেৱে সেই বিশেষ দিনত পিন্ধিবলৈ দি থৈ যোৱা সেই সাজযোৰ কোনো দিনে পিন্ধা নহল আইদেউৰ ।

ইফালে ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰৌনক চিত্ৰগৃহত মুক্তি পালে প্ৰথম অসমীয়া চিনেমা জয়মতী । অথচ আইদেৱে নিজে অভিনয় কৰা জয়মতীৰ দৃশ্যাংশ ১৯৮০ দশকতহে অৰ্থাত অসমীয়া বোলছবিৰ ৫০ বছৰীয়া জয়ন্তীৰ সময়ত দেখা পায় । এনেদৰেই অসমীয়া চিনেমাত নাৰীৰ প্ৰৱেশৰ বাট মুকলি কৰি নিজে অৱহেলিত হৈ ৰল আইদেউ । আজি আইদেউ সন্দিকৈৰ জন্ম বাৰ্ষিকী । মৃত্যুৰ পাছতো অৱহেলিত হৈয়ে ৰোৱা আইদেউ সন্দিকৈৰ কথা আজি কতো পঢ়িবলৈ পোৱা নাযায়, সংৰক্ষণ কৰা হোৱা নাই আইদেউৰ স্মৃতি বিজৰিত কোনো সম্পদ । কিন্তু ইমানৰ পাছতো অসমীয়া সমাজ জীৱনত আইদেউ সন্দিকৈৰ ত্যাগ আৰু অৱদানে শিকাই থৈ গল বহু কথা । সুঁতৰ বিপৰীতে ভাল কামৰ বাবে উলাই আহি সমাজৰ ৰোষত পৰা আইদেউ সন্দিকৈক সেয়ে ইতিহাসে সদায়ে মনত ৰাখিব, যুগে যুগে বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিৱদ্ধ হৈ থাকিব তেওঁৰ
নাম ।

#দেৱব্ৰত_গগৈৰ লিখনি ২৭.০৬.২১(কঁপি/পেষ্ট)

Want your establishment to be the top-listed Cinema in Gauhati?
Click here to claim your Sponsored Listing.

Category

Address


LGBI AIRPORT, BORJHAR
Gauhati
781015