Mainu Gogoi
OM OPTICAL CINNAMARA tini-ali
11/09/2024
Sunglass & frame available here(OM Optical Cinnamara jorhat).
゚
18/10/2023
OM OPTICAL( Cinnamara) ৰ তৰফৰ পৰা কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
17/08/2023
Eye Flu -- চকুৰ ৰঙা পৰা অসুখ ।
বৰ্তমান এই ৰোগে গোটেই ভাৰতবৰ্ষ চানি ধৰিছে। কভিড'ৰ দৰে এইটো এটা ভাইৰাছ ইনফেকচন। যাৰ ডাইৰেক্ট চিকিৎসা নাই । আমি ভাইৰাছবোৰ মাৰিব নোৱাৰো । কিন্তু ভাইৰাছে উৎপন্ন কৰা উপসৰ্গবোৰ দৰৱৰ দ্বাৰা বা নিজে সাৱধানতা লৈ কমাব পাৰো ।
এতিয়া জানো আহক এই ৰোগতোনো কি ? আমি দেখি থকা চকুৰ ক'লা অংশতো হৈছে কৰ্ণিয়া আৰু বগা অংশতো হৈছে কনজাকটিভা। আৰু ভাইৰাচে এই বগা অংশতে আক্ৰমণ কৰে আৰু এই বেমাৰটোক ডাক্তৰী ভাষাত কনজাকটিভাইটিচ বুলি কয় ।
এই ৰোগতো হলে চকুতো ৰঙা হৈ যাব। চকুপানী ওলাব । ফেচকুৰি ওলাব আৰু শুই উঠোতে চকুতো জাল মাৰি ধৰিব ,পটা দুখন ওখহিব ,গা বিষাব আৰু জ্বৰ জ্বৰো লাগিব পাৰে ।
আপুনি প্ৰথমে অন্য একো নকৰিব । ঠাণ্ডা পানীত চফা কপাহ ডুবাই মাজে মাজে চকুতো ধুই থাকিব ।
ফাৰ্মাচীৰপৰা দৰৱ আনি নিদিব । অতি দৰকাৰ হ'লে Carboxymethyl cellulose eye drop এটা আনি দুটোপালকৈ তিনি চাৰিঘণ্টাৰ মুৰে মুৰে দিব পাৰে । এসপ্তাহতকৈ বেছিদিন হলে ডাক্তৰৰ লগত পৰামৰ্শ কৰা ভাল । ফাৰ্মাছিৰপৰা কোনো এণ্টিবায়টিক দৰৱ আনি চকুত নিদিব । তেতিয়া চকুতো বেছি দুৰ্বলহে হ'ব । জ্বৰ জ্বৰ লাগিলে পেৰাচিটামল টেবলেট খাব পাৰে । চকুত প্ৰেচাৰ নপৰিবলৈ চানগ্লাচ ব্যৱহাৰ কৰিব।
এই ৰোগতো হাতৰদ্বাৰাই চকুলৈ যায় । কোনোবা ৰোগ হোৱা মানুহে চুই যোৱা অংশত হাত লাগিলে সেই হাতেৰে নিজৰ কাপোৰ চুলে চকুত হাত লাগিলে লগালগ বিয়পে । যিহেতু চকুত পানী বেছি হ'লে নাকেৰে ওলাই আহে ,সেই ব্যক্তিয়ে হাচি মাৰিলেও এই ৰোগ বিয়পিব পাৰে । খুব ওচৰত বহি থাকিলেও তেওৰ সৈতে স্পৰ্শ হৈ এই ৰোগ বিয়পিব পাৰে ।
গতিকে ঘনে ঘনে হাত ধোৱক । পাৰিলে চেনিটাইজাৰ ব্যৱহাৰ কৰক । ৰোগীৰ সংস্পৰ্শৰপৰা নিজকে বজাই ৰাখক । ধন্যবাদ।
ভাল লাগিলে চেয়াৰ কৰিব ।
Copied
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Cinnamara Tini Ali
Jorhat
785008