Prayas NGO
Prayas is a N.G.O. established in the year 2009 at Jorhat. www.prayasassam.org
14/07/2024
14/07/2024
১৪ জুলাই ২০২৪ঃ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস আৰু মৈত্ৰীৰ বান সাহাৰ্য প্ৰদান
-আজি বানাক্ৰান্ত অঞ্চল হাতীগড় মৌজাৰ বালিচাপৰি বাৰপাইক গাঁৱৰ প্ৰায় ত্ৰিশটা পৰিয়ালক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস আৰু মৈত্ৰীৰ যৌথ উদ্যোগত বান সাহাৰ্য প্ৰদান কৰা হয় । সমাজকৰ্মী জগন্নাথ অগ্নি বৰাৰ পদক্ষেপত প্ৰয়াসৰ সভাপতি অমৰ জ্যোতি বৰঠাকুৰ, সঞ্চালক ৰাজীৱ কুমাৰ দত্ত, অভিজিত বৰঠাকুৰ, হিমানীশ বৰুৱা, মৈত্ৰীৰ সম্পাদক নৰেণ চন্দ্ৰ বৰা, ৰাতুল ৰাজকুমাৰ, শ্যামলীমা ভূঞা , জিণামণী গগৈ য়ে খাদ্য সামগ্ৰীৰ লগতে চাবোন , মম, ধুপ আৰু নতুন বস্ত্ৰ, চেন্দেল আদি প্ৰদান কৰি বানাক্ৰান্ত ৰাইজৰ দুখৰ সমভাগী হয়। স্থানীয় সমাজকৰ্মী দুৰ্লভ চেতিয়া , গ্ৰাম প্ৰধান লীলা গগৈয়ে পূৰ্ণ সহযোগ কৰাৰ লগতে বান সাহাৰ্য লাভ কৰা সকলৰ উপৰিও উপস্থিত ৰাইজে এনে কাৰ্য্যৰ বাবে ধন্যবাদ আৰু প্ৰশংসা জ্ঞাপন কৰে ।
Contact the organization
Telephone
Website
Address
Jorhat
785001
Alerts
Be the first to know and let us send you an email when Prayas NGO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.