Boruah bitu
India, Assam, majuli
Majuli
মৃত্যু শয্যাত মহাবীৰ আলেকজেণ্ডাৰ তেওঁৰ সেনাপতি সকলক মাতি কৈছিল, মোৰ মৃত্যুৰ পিছত মোৰ তিনিটা ইচ্ছা তোমালোকে পূৰ্ণ কৰিবা।
১/ মোৰ প্ৰথম অভিপ্ৰায় হৈছে:
কেৱল মাত্ৰ মোৰ চিকিৎসক সকলেই মোৰ কফিন বহন কৰিব।
২/ মোৰ দ্বিতীয় অভিপ্ৰায় হৈছে:
মোৰ কফিন যি পথেৰে লৈ যোৱা হ'ব,সেই পথেৰে মোৰ আৰ্জিত সোন ৰূপ ছটিয়াই থবা।
৩/ মোৰ শেষ অভিপ্ৰায়।
কফিন বহন কৰা সময়ত মোৰ দুয়োটা হাত কফিনৰ বাহিৰত ওলমাই ৰাখিবা।
তেওঁৰ সেনাপতি সকলে এই ধৰণৰ বিচিত্ৰ অভিপ্ৰায়ৰ কিয় জানিবলৈ প্ৰশ্ন কৰিলে।
দীৰ্ঘ শ্বাস গ্ৰহণ কৰি আলেকজেণ্ডাৰে কৈছিল, মই দুনিয়াৰ সন্মুখত এই তিনিটা শিক্ষা ৰাখি যাব বিচাৰোঁ!
১/ মোৰ চিকিৎসক সকলে কফিন বহন কৰিবলৈ এই কাৰণেই কৈছোঁ যে, চিকিৎসক সকলেও মানুহক জীয়াই তুলিব নোৱাৰে। তেওঁলোক ক্ষমতা হীন আৰু মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম।
২/ যোৱাৰ সময়ত পথত সোন ৰূপ ছটিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে, মৃত্যুৰ পিছত এটা ফুটা কৰিও মোৰ লগত নাযায়। এইবোৰ পোৱাৰ কাৰণে গোটেই জীৱন ব্যয় কৰিছিলোঁ কিন্তু একো নিবলৈ সক্ষম নহলো। মানুহে বুজি পাওঁক এইবোৰৰ পিছত লাগি থাকে মানে সময়ৰ অপচয় মাথো।
৩/ কফিনৰ বাহিৰত মোৰ হাত ওলিয়াই ৰাখিবলৈ এই কাৰণেই কৈছোঁ যে, পৃথিৱীৰ মানুহে বুজি পাওঁক যে পৃথিৱীত আগমণ কৰোতেও খালি হাতত আহিছোঁ। পৃথিৱীৰ পৰা বিদায় লৈ যাওঁতেও খালি হাতেৰে গৈ আছোঁ।
ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব।
ভাওনা আৰম্ভণি গীত
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Majuli