MainaGam
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MainaGam, Digital creator, Majuli.
Battlefield_3_Jet_Mission_Ultra_Settings_
জীৱনৰ দ্বিতীয় নাম সংগ্ৰাম!
যন্ত্ৰণাৰ আন এটা নামেই হৈছে জীৱন। পৰিস্থিতিত বাধ্য হৈ মানুহে বিভিন্ন ধৰণৰ ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হয়। গতিকে যিয়ে এই সকলো ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈ তীব্ৰ মানসিকতাৰে জীৱন যুঁজত নিজকে তীব্ৰ প্ৰতিদ্বন্দ্বী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তেওঁহে প্ৰকৃত মানুহ। সুখ-দুখ হৈছে মানৱ জীৱনৰ এক অংশ।
জীৱন হৈছে এক দুৰ্বোধ্য সাঁথৰ। ই সুখ-দুখ, তৃপ্তি-অতৃপ্তি, আনন্দ-অশ্ৰু, প্ৰাপ্তি-অপ্ৰাপ্তিৰ এক অবিৰত যাত্ৰা। সকলোৰে বাবে জীৱন এক, কেৱল ইয়াৰ ৰূপহে ভিন্ন।
জীৱন মানেই হৈছে এক সংগ্ৰাম। জীৱনৰ উদ্দেশ্য কেৱল এই সংগ্ৰামৰ পৰা মুক্তি লাভ কৰাই নহয়, সেই সংগ্ৰামৰ উদ্দেশ্য বিচাৰি উলিওৱাটোহে হৈছে জীৱনৰ মূল ধৰ্ম।
জীৱনটো হৈছে এক সুন্দৰ যাত্ৰা। কোনোৱে নিজৰ শাৰীৰিক স্বাস্থ্যৰ লগত সংগ্ৰাম কৰে, কোনোৱে আকৌ সংগ্ৰাম কৰে নিজৰ মানসিক স্বাস্থ্যৰ সৈতে। কোনোৱে যদি আৰ্থিকভাৱে সংগ্ৰাম কৰে, আন কোনোৱে আকৌ নিজৰ সম্পৰ্কৰ সৈতে সংগ্ৰাম কৰে। জীৱনৰ সংগ্ৰাম হৈছে অৰ্থ বিচাৰি উলিওৱাৰ সংগ্ৰাম। বহুতে গোটেই জীৱন নিজৰ উদ্দেশ্য বিচাৰিয়েই কটায়। পিছে আমি সকলোৱে মনত ৰখা উচিত যে, এই উদ্দেশ্য বিচাৰি উলিওৱাটো জীৱনৰ এক যাত্ৰাহে, গন্তব্যস্থান নহয়।
আমি সকলোৱে বিভিন্নধৰণৰ সমস্যা আৰু যন্ত্ৰণা বুকুত কঢ়িয়াই লৈ ফুৰো বাবেইতো জীৱনটো, জীৱন হৈ আছে। আমি যদিহে দুখৰ ৰাতি অস্বস্তিত ভুগি এবাৰ হলেও চকুলো টোকা নাই, সুখৰ ৰাতি উদযাপন কৰি “জীৱন তুমি ধুনীয়া” বুলি চিঞৰা নাই, তেনেহ’লে আমি কেতিয়াও জীৱন দেখায়েই নাই। প্ৰাপ্তিয়ে যদি মানুহক আনন্দত মতলীয়া কৰে, ঠিক তেনেদৰে অপ্ৰাপ্তিৰ বেদনায়ো মানুহৰ জীৱন সুন্দৰ কৰিব পাৰে।
মানুহৰ মনটো হৈছে সৃজনশীল। অপ্ৰাপ্তিৰ বেদনাক বুকুত সাৱটি কোনোৱে হাতত তুলি লয় কলম,কোনোৱে লয় ৰং-তুলিকা। যাৰ ফলত সৃষ্টি হয় একো একোজন সফল ব্যক্তিৰ।
মানুহৰ জীৱনৰ লক্ষ্য যিয়েই নহওঁক কিয়, সেই লক্ষ্যত উপনীত হ’বলৈ হ’লে মানুহক মানসিক শক্তিৰো প্ৰয়োজন হয়। জীৱনক লৈ আমি সকলোৱে আশাবাদী। এই আশাই জীৱনলৈ আনে এক সজীৱতা। জীৱনে মানুহক নিৰৱিচ্ছিন্ন ভাৱে নতুন আশা, নতুন চিন্তা প্ৰদান কৰে। ইচ্ছা,আকাংক্ষা এইবোৰে মানুহক জীয়াই থকাৰ প্ৰেৰণা প্ৰদান কৰে। মানুহৰ জীৱনত বহুতো সমস্যা আহে। কিন্তু বহু মানুহে এনেবোৰ কথা বুজি নোপোৱাত সময়ে সময়ে হতাশ আৰু নিৰাশাত ভাগি পৰে। আনকি কিছু লোকে আত্মহত্যা পথ পৰ্যন্ত বাচি লয়।
জীৱন কেতিয়াও চিৰস্থায়ী নহয়। গতিকে সুস্থ চিন্তা আৰু সৎ কৰ্মৰ সৈতে সহাৱস্থান কৰি আনৰ কাৰণেও অকণমান সহায়ৰ হাত আগবঢ়াই দৈনন্দিন জীৱনৰ মাজে আত্ম সন্তুষ্টি লাভ কৰাটোৱেই হ’ল জীৱন যাপনৰ মূলমন্ত্ৰ।
03/09/2024
অৰণ্যহীনতাই জীৱনৰ মৃত্যুবান !
আহাঁ আমি সময় থাঁকোতেই হওঁ সচেতন
দিওঁ আমি অৰণ্যক ৰক্ষণাবেক্ষণ ।
হওঁ আমি একো একোজন অৰণ্যমানৱ
যাদব পায়েং
লওঁ আহা আমি সংকল্প সুন্দৰ ধৰণী গঢ়াৰ ।
Click here to claim your Sponsored Listing.
Category
Culinary Team
Attire
Website
Address
Majuli
785104