Sannidhya Bhuyan
Vocalist • Composer • Lyricist
মৰমৰ জুবিন দা, মই কেতিয়াও জীৱনত, সপোনতো ভবা নাছিলোঁ যে আপোনাৰ সৈতে এটি গীত বাণীবদ্ধ কৰিবলৈ সক্ষম হ'ম। কিন্তু মোৰ বাবে সঁচাই এক সৌভাগ্যৰ কথা যে আমাৰ হিয়াৰ আমঠুগৰাকীৰ সৈতে একেটি গীতত মই কন্ঠদান কৰিবলৈ সুযোগ লাভ কৰিছিলোঁ।
'নিশিগন্ধা' নামৰ গীতটিৰ জৰিয়তে সেই সৌভাগ্যবান সময়চোৱা মোৰ জীৱনডায়েৰীত চিৰজীৱনলৈ লিপিবদ্ধ কৰাৰ সৌভাগ্য মোৰ হৈছিল। জুবিন দাৰ সৈতে কৰা এই গীতটিৰ সময়চোৱাত তেওঁৰ সান্নিধ্যলাভ, তেওঁৰ উপদেশ, কথা-বতৰাৰ মাজেৰেও উপকৃত হৈছিলোঁ। সেই সময়চোৱা সুঁৱৰি নিজকে ধন্য মানিছো।
এই সকলোবোৰ মাজত আজি এনে এক লজ্জাজনক পৰিস্থিতিত আমি অসমবাসী উপনীত হৈছোঁ যে মৰমৰ জুবিন দাৰ বাবেও ন্যায় বিচৰাৰ দৰে এটি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এনে প্ৰেক্ষাপটত আমি বিচাৰোঁ জুবিন দাৰ বিষয়টোৱে এটা নিৰপেক্ষ তথা ৰাইজে বিচৰাধৰণেই দিশ লাভ কৰক। জুবিন দা য'তেই আছে তেওঁ ভালে থাকক। আমাৰ বুকুৱে বুকুৱে তেওঁ বৈ থাকিব আজীৱন, আমৰণ। আমিও জুবিন যুগৰ একোজন সাক্ষী হিচাপে চিৰকাল ৰৈ যাম ইতিহাসৰ পৃষ্ঠাত।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Sibsagar