Sadhan Nath New
পৰোঁ বুলিয়েই,
তোমাৰ প্ৰেমত পৰিছোঁ...
তুমি বিচাৰিলেই দিব পাৰোঁ
হৃদয় জুৰায় ভালপোৱা!
মোৰ বুকুত বিষ উঠিলে...
আকাশৰ চকুলো সৰিব
উফন্দি উঠিব সাগৰৰ বুকু !
01/11/2025
ককাইদেউ গ'লগৈ
-------------
সাধন নাথ, তেজপুৰ
২০জুন ২০২৫
মায়াবিনী ৰাতিৰ বুকুত
শব্দবোৰ যেতিয়া হেৰায়
কথাবোৰ থমকি ৰয়
কথাবোৰত সুৰৰ মালা পিন্ধাই
মন যায় বুলি
যেতিয়াই গাব খোজো
তেতিয়াই মনত পৰে
মৃত্যু এতিয়া সহজ, মৃত্যু এতিয়া উছৱ।
মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ।"
মৃত্যু জানো সঁচাকৈ সুলভ?
জোনাকত অসমীৰ বুকুত
ঈশ্বৰৰ পুত্ৰক হেৰুৱাই
সমগ্ৰ বিশ্বই ৰৈ ৰৈ বিনালে!
যাৰ অফুৰন্ত হেঁপাহ আছিল
বিষ্ণুৰাভা,জ্যোতিপ্ৰসাদৰ
একতাৰ এনাজৰী ডালৰে জাটিতোক
আঁতি-আঁতি বান্ধি এক কৰাৰ।
যাৰ হেঁপাহ আছিল,
ধুমুহাৰ সতে যুঁজাৰ...
হেঁপাহ আছিল সাগৰ তলিত শুই থকাৰ।
কোনে কয়
মৃত্যু সহজ
কোনে কয়
মৃত্যু এটা শিল্প
কোনো কয় শিল্পী অমৰ নহয়?
কোনো কয় শিল্পী অজেয় নহয়?
শিল্পীয়ে জিনিব পাৰে অমৰত্ব
শিল্পীয়ে গঢ়িব পাৰে নতুনত্ব
শিল্পীয়ে গঢ়িব পাৰে
এটা জাতি আৰু মানুহ...
অৰ্ধ-মৃত এখন সমাজক
শিল্পীয়ে নতুনকৈ গঢ় দি
পিন্ধাব পাৰে মনুষ্যত্বৰ এযোৰ নতুন পোচাক।
অসমীয়াৰ
বুকুৰ কামিহাড় ভাঙি যোৱাৰ সময়তে
সিহঁতে বৰ্ণবাদৰ কথা কয়
ৰাজনীতিৰ কথা কয়
ইদলে সিদলক উলংগ কৰি
কয় ই মোৰ আপোন আছিল!
তেওঁ অকল আপোনাৰেই আপোন নে?
তেওঁ দুৰন্ত গতিৰ সূৰ্য,
তেওঁ অসাধাৰণ,
তেওঁ মানুহ ...
তেওঁ অসমী আইৰ সন্তান
তেওঁ গৰীবৰ বন্ধু...
তেওঁ দি গ'ল ভালপোৱা
শিকাই গ'ল জাতিটোৰ মেৰুদণ্ড
কেনে হোৱা উচিত?
তেওঁ শিকাই গ'ল
এটাই মন্ত্ৰ ...
আমাৰ কোনো জাতি নাই
আমাৰ কোনো ধৰ্ম নাই
আমাৰ কোনো ভগৱান নাই
আমি মুক্ত বিহঙ্গ
আমি মানু্হ কেৱল মানুহ
ভালপোৱা যদি হয় ৰঙা গোলাপ
আমি কিয় নকৰোঁ প্ৰেম আৰু ভালপোৱাৰ আলাপ?
13/08/2025
Shout out to my newest followers! Excited to have you onboard! Binisha Devi, Jitu Nath Tezpur, Angels Weaving
10/08/2025
Shout out to my newest followers! Excited to have you onboard!
Ridip Medhi, Mariya Qibtiya
30/07/2025
Shout out to my newest followers! Excited to have you onboard!
Bhabani Taid, Jadab Chandra Sharma ছাৰ
23/01/2025
কিচুদিন পুৰনি অনুভৱ
゚ ゚ ゚
21/01/2025
With Sampa Mallick – I just got recognised as one of their top fans! 🎉
শান্তি ক'ত?
সাধন নাথ, তেজপুৰ
১৪ আগষ্ট ২৩
শাওনৰ ভৰ দুপৰীয়া
আই,পিতাই আৰু মই,
কাষতে এখন উকা কেনচাভ
আইয়ে ক'লে,
বোপাই মানুহৰ ছবি এখনকে আঁকচোন...
পিতাইয়ে তপৰাই উত্তৰ দিলে
মানুহৰ ছবি অঁকা টান।
পিতাইয়ে আইক পাৰেমানে বুজাইছে
এখন ছবি আঁকিবলৈ
ৰঙ তুলিকাৰ প্ৰয়োজন
আঁকিম বুলিয়েই জানোঁ,
আঁকিব পাৰি এখন ছবি?
তাতে মানুহৰ?
পিতাইয়ে আইক বুজাইছে
যিদৰে মানুহৰ মন বোৰ সলনি হ'ল,
সেইদৰেই ৰঙ বোৰো!!!
আইৰ কথা পেলাব নোৱাৰি
মানুহৰ এখন ছবি আঁকিম বুলি
ৰঙ তুলিকা লৈ বহিছোঁ...
ৰঙ বোৰে মোলৈ চাই হাঁহিছে
মসৃণ তুলিকা ডালে
মোলৈ চাই
ভ্ৰকুটিয়াই কৈছে...
পাৰিবি জানো
তই অংকণ কৰিব মানুহৰ ছবি?
চিন্তা ক্লিষ্ট মনেৰে
দুচকু মুদিলৈ বহিছোঁ
নিজকেই প্ৰশ্ন কৰিছোঁ?
আঁকিব পাৰিম জানোঁ মানুহৰ ছবি?
যিমান বাৰেই ৰঙ তুলিকাৰে বুলাইছো
সিমান বাৰেই মনলৈ ভাহি আহিছে
এখন কুৎচিত ছবি !
আজি জানোঁ কিনো হ'ল?
আইৰ কথা ৰাখিব নোৱাৰি,
মনটো ক'ৰবাত হেৰাই গ'ল!!!
আইয়ে দুখ নকৰিলে
পুত্ৰৰ ব্যৰ্থতাত সহ্য কৰি বুজাই দিলে
জননী আই স্বৰ্গতকৈয়ো শ্ৰেষ্ঠ!!!
আইয়ে এদিন আকৌ ক'লে
বোপাই ৰঙ তুলিকা লৈ
বহিবিচোন এদিন সন্ধিয়া
কথা পাতিম
ৰ'দ-বৰষুণ
নদী-সাগৰ ইত্যাদিৰ,
বহুদিন হ'ল...
সাগৰ পৃষ্ঠৰ উচ্চতা জুখি চোৱা নাই
জুখি চোৱা নাই মানুহৰ উদাৰতা!
পিতাইয়ে আইক ক'লে
বতাহৰ কথা নাপাতিবা দেই,
ধুমুহা জাকে লাজ পাব,
ভাগৰুৱা খোজবোৰ থমকি ৰ'ব...
অতৃপ্ত আত্মাই উচুপি উঠিব,
কবৰৰ ভিতৰতেই বিদ্ৰোহ কৰিব
ৰান্ধনী বেলিৰ পোহৰত,
ধৰি আনি দিবলৈ জোৰ কৰিব শান্তিৰ কপৌ...
শান্তিৰ কপৌৰ কথা শুনি
কিছু সময়ৰ বাবে
আই নিশ্চুপ হৈ ৰ'ল...
পিতাইৰ মুখলৈ চাই,
আইয়ে সুধিলে শান্তি ক'ত?
পিতাই মনে মনে থকা দেখি
হাজাৰটা প্ৰশ্ন সুধি গ'ল...
পিতাইয়ে লাহেকৈ মুখখন ঘূৰাই
আইক দূৰলৈ দেখুৱাই ক'লে,
শান্তি ঈশ্বৰৰ ঘৰৰ সৌখন শ্মশানত!
ভাল নলগা কথাবোৰ
সাধন নাথ, তেজপুৰ
৩১ ডিচেম্বৰ ২৪
কথাবোৰ জঁট লগা
কৃত্ৰিমতাৰে ভৰা
সোণোৱালী সূঁতাৰে বন্ধা শব্দবোৰ
শয্যাগত,দুৰাৰোগ্য ৰোগত !
যন্ত্ৰণাত ককবকাই থকাৰ খবৰ পাই
ৰঙা শিয়ালে
মঙহৰ পয়োভৰত,
একে শাৰীতে চকী পাৰি বহিল...
মানুহৰ ভিৰ ভাঙি সোমাই যাওঁ বুলি
সোমাই যাব নোৱাৰা সভাখনত
ঢোঁৰা-কাউৰীৰ জাক এটাও কৰবাৰ পৰা আহিল !
গাওঁখন,চহৰখন মিলি মহানগৰ হ'ল,
গাঁৱখনৰ সিপাৰে
বেলিটোক নিখোজ কৰিবলৈ
শিয়াশবোৰ উঠি পৰি লাগিল…
বেলিটো নোহোৱাৰ বাতৰি পাই
কাউৰী জাকৰো ভিৰ বাঢ়িল
বনৰজাক খেদি শিয়াল সিংহ হ’ল !
কথাবোৰ
ভাল নলগা হ’ল !!!
কিনা-বেচাৰ মুকলি বজাৰ খনত
কোনোবাই বঁটা কিনি
সিংহ দৰে হৈ উপাধি সলনি কৰা হ'ল…
সেই লাজতে কবিয়ে
ফটিকা খাবলৈয়ো নোযোৱা হ'ল ।
দুঃসময়ৰ মঙহা সপোনৰ বাট বুলিবলৈও
ৰঙা শিয়ালৰ ভয়ত
দুৰে দুৰে আঁতৰি থকা হ'ল !
Highlights
Followers and Viewers
Click here to claim your Sponsored Listing.
Category
Website
Address
Tezpur