Tezpur Buzz - Assamese

Tezpur Buzz - Assamese

Share

"The Tezpur Buzz - Assamese" is a part of the online English Digital Media portal, 'Tezpur Buzz'.

30/03/2025

#তেজপুৰ : ৰঙালী বিহুৰ আগমনে সকলোফালে উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰিছে। তেজপুৰত বিহু কৃষ্টি পৰিষদ, শোণিতপুৰ জিলাৰ উদ্যোগত আয়োজিত বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা সফলভাৱে সম্পন্ন হয়। প্রশিক্ষণ লাভ কৰা শিল্পীসকলে নিজ অভ্যাস প্ৰদৰ্শন কৰে, আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানে বিশেষ মান্যতা লাভ কৰে। প্ৰশিক্ষাৰ্থী, প্ৰশিক্ষক, আৰু অতিথিসকলক মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠান জনসাধাৰণৰ বিশেষ প্ৰশংসা লাভ কৰে।

30/03/2025

#জামুগুৰি : ৰঙালী বিহুৰ আগত জামুগুৰিহাটৰ টুপীয়া বীনিতা ঢোল ভাণ্ডাৰত কাৰিকৰসকল ব্যস্ত হৈ ঢোল তৈয়াৰ কৰি আছে। গ্ৰাহকৰ ভিৰো বৃদ্ধি পাইছে। নৰেণ দাসে এই কাৰ্য কৰি ২২ বছৰৰ পৰা পৰিয়াল পোহপাল দি আহিছে।

14/11/2024

#তেজপুৰ : ৰাজ্যৰ প্ৰান্তৰ চৌদিশে চলিছে এতিয়া ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । শৰতৰ জোনাকৰ পোহৰে আওছি ধৰিব শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ। বাকি আছে মাজত মাথো দুটা দিন আৰু ইয়াৰ সমান্তৰাল কৈ দেখা গৈছে তেজপুৰ বাসি ৰাইজৰ মাজত উলহ মালহৰে ৰাস মহোৎসৱৰ ব্যপক প্ৰস্তুতি ।

10/06/2024

#তেজপুৰ : Anchor : দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দ্বিতীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দিহানাম সংৰক্ষণ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত আৰু ডিব্ৰুগড় সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত দুলীয়াজান কেন্দ্ৰীয় নামঘৰত দেওবাৰে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয় । অসমৰ ২৪ খন জিলাৰ প্ৰতিনিধি আৰু বিষয়ববীয়াৰে অনুষ্ঠিত সভাত প্ৰায় দুশ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা দেখা যায় । উক্ত সভাত শোণিতপুৰ জিলা দিহানাম সংৰক্ষণ মঞ্চ তেজপুৰৰ পৰা তিনিজনে প্ৰতিনিধিত্ব কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক ড° নয়ন জ্যোতি বৰা, শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি দিপেন শইকীয়া আৰু বিশিষ্ট সমাজকৰ্মী লুলুমণি গগৈ দাসে । সভাত দিহানাম সংৰক্ষণ মঞ্চৰ সংবিধানৰ খচৰা পাঠ আৰু সংশোধনী সংযোজন মৰ্মে গ্ৰহণ, দিহানামৰ নিয়মাৱলী প্ৰস্তুত আৰু সাংগঠনিক বিষয়ত আলোচনা আৰু সিন্ধান্ত গ্ৰহণ কৰে । দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সভাপতি ড° প্ৰশান্ত খাউণ্ড আৰু আদৰণি সমিতিয়ে প্ৰতিনিধিসমূহক আন্তৰিকতাৰে শলাগ লয় ।

Want your business to be the top-listed Media Company in Tezpur?
Click here to claim your Sponsored Listing.

Telephone

Address


Tezpur
784001